শান্তি

যুদ্ধ, মৃত্যু, আক্ৰমন-প্ৰতাক্ৰমনৰ, পোৱা-নোপোৱাৰ যুঁজৰ মাজত শান্তিৰ কথা চিন্তা কৰিব পৰাটোও এক প্ৰত্যাহ্বান বিষয়। যিটো সময়ত সভ্য সমাজৰ প্ৰতিটো বিষয়তে প্ৰতিযোগিতাৰ দৰে এক শব্দ জড়িত হৈ থাকে, সকলোৰে মাজত আনক হৰুৱাই  নিজে আগত যোৱাৰ লক্ষ্য লুপ্ত হৈ থাকে তেনে এক সমাজত শান্তি স্থাপন কৰাটোও এক সপোন।
ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ মাজত শান্তি বৰ্তাই ৰাখিবৰ বাবে, আকৌ যাতে যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে 1945 চনতে স্থাপন কৰা হৈছিল কিন্তু ৰাষ্ট্ৰসংঘৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ মাজত শান্তি আৰু নিৰাপত্তা স্থাপনৰ সন্ধি স্বাক্ষৰ কৰাটোও যেন এক ভেকোভাওঁনাত পৰিনত হৈছে।
ভাৰত আৰু পাকিস্তান যেন দুটা অস্ত্ৰৰ নাম আৰু ইয়াৰ টিগাৰত সদায়ে দুখন প্ৰথম বিশ্বৰ ৰাষ্ট্ৰৰ  আঙুলি বিৰাজমান বুলি বিভিন্ন জনে সময়ে সময়ে কৈ আহিছে। নিজ স্বাৰ্থৰ  সিদ্ধিৰ বাবে আনৰ তেজৰ ফাঁকু খেলা এইসকল লোক কেনে আদৰ্শৰ প্ৰতিনিধি?
সঁচাই তৃতীয় যুদ্ধৰ আৰম্ভ কৰাৰ ঠিকাদাৰ  নেকি?
দুখনকৈ  মহাযুদ্ধৰ পাছতো আমি শিক্ষা ল’ৱ পৰা নাই। অস্ত্ৰ-শস্ত্ৰৰ  প্ৰতিযোগিতাত অন্ধহৈ  নিজকে শক্তিশালি বুলি স্থাপন কৰিব গৈ নিজৰে  অংগক্ষত কৰি আছো।
শান্তি এতিয়া সহজ নহয়। কিন্তু অসম্ভৱও  নহয়।
শান্তি অস্ত্ৰৰে  নহয় সহযোগিতাৰেহে আহিব।  সকলোৱে হাতে-হাত ধৰি সমানে আগুৱাই গলেহে প্ৰগতি আহিব, অস্ত্ৰৰ  প্ৰতিযোগিতাৰে  মাথো তেজৰ  চিটিকনিৰে সকলোকে ৰাঙলী  কৰিব।

Being able to think about peace in the midst of war, death, assault and defence, desires and reluctance is an arduous and onerous subject matter. At the time when in every subject of our civilized society one word remains connected like competition, the goal of moving forward by defeating others and finding one’s self among all is lost, establishing peace in one such society is also similar to a dream.
The United Nations Organization was established in 1945 to build peace among the member countries; preventing conflicts from commencing into any equivalent war circumstances. But signing the peacekeeping agreements among the member countries for international peace and security has turned into a farce.
From time to time, various people have mentioned that India and Pakistan connote as the name of two weapons and two First World countries have always fingers prevailed on their triggers. What kind of ideals do these delegates represent by playing the game of colours with the blood of others for their own benefit?
Is it true then that they are the bearers for the initiation of the Third World War?
Even after two ruinous World Wars, we could not acquire any lesson. Competing with weapons to prove and establish oneself a superpower, we have become blind to the fact that we are also injuring ourselves.
Now, peace is neither easy nor is it impossible.
Peace will come not from arms and weapons but through cooperation. Progress will come when all hands are held equally in advancement; weapon rivalry will bring the blood splash to all.

 

Leave a Reply

Your email address will not be published. Required fields are marked *